About Sarania Kachari


শৰণীয়া কছাৰীঃ
শৰণীয়া কছাৰী অসমৰ এটা জনজাতীয় গোট ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাণ, মটক, তিৱা-লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহি আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় জনগোষ্ঠী অসমৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় চাৰি লাখৰ ওচৰে পাজৰে তেওঁলোক বিভিন্ন জিলাত সিঁচৰতি হৈ থকা বাবে সেই জিলাবোৰৰ লোকভাষা আৰু সংস্কৃতিৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে শৰণীয়া, মহলীয়া, ডেকা, কছাৰী, চৌধুৰী, দাস, বৰুৱা, কাকতি, শইকীয়া, বৰ্মণ, মজুমদাৰ, হাজৰিকা, লহকৰ, মহন্ত আদি উপাধিৰে পৰিচিত শৰণীয়া কছাৰীসকলে হাজাৰ বছৰ আগেয়ে হিন্দু ধৰ্মত শৰণ লৈ অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰিলেও বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতত জনজাতীয় প্ৰভাৱ আংশিক পৰিমাণে লেও ৰৈ গৈছে

Under Construction
Designed by: Hemant Kr Das 
9707451241/ 8724932294

No comments:

Post a Comment